বানাক্ৰান্ত অসমৰ বাবে কেন্দ্ৰৰ বৃহৎ সহায়
৩.৮ লাখ পৰিয়ালে পাব PMAY-Gৰ ঘৰ, প্ৰায় ৫,০০০ কোটি টকাৰ অনুমোদন
নতুন দিল্লী, ২৫ আগষ্টঃ বানত ক্ষতিগ্ৰস্ত অসমৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণ (PMAY-G)ৰ অধীনত ৩.৮ লাখ নতুন ঘৰ নিৰ্মাণৰ অনুমোদন জনাইছে। ইয়াৰ বাবে প্ৰায় ৫,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব।
মঙলবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAY ঘৰ অনুমোদনৰ আশ্বাসো দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইফালে, যোগ্য বানপীড়িত পৰিয়াল যাতে বাদ নপৰে, তাৰ বাবে PMAY-Gৰ সমীক্ষাৰ সময়সীমা অতিৰিক্ত ১৫ দিন বৃদ্ধি কৰা হৈছে। ভূমি পট্টা লাভ কৰা চাহ বাগিচাৰ যোগ্য শ্ৰমিক পৰিয়ালকো ডিজিটেল সমীক্ষাৰ জৰিয়তে PMAYৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।
কৃষিখণ্ডতো অসমক বিশেষ সহায় আগবঢ়াই কেন্দ্ৰই। বানপীড়িত কৃষকৰ বাবে ৮৩২.৭০ কোটি টকাৰ কৃষি উন্নয়ন আঁচনি, কৃষি যান্ত্ৰিকীকৰণৰ বাবে ৩৩.৩৬ কোটি আৰু উদ্যান শস্য উন্নয়নৰ বাবে ৯৬.৮৭ কোটি টকা অনুমোদন কৰা হৈছে।
অসমৰ বানপীড়িত লোকৰ পুনৰ সংস্থাপন, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ এই সিদ্ধান্তই বিশেষ সহায় আগবঢ়াব বুলি আশা কৰা হৈছে।
