বানৰ সোঁতে ৫৫ কিলোমিটাৰ উটি অহা হাতী জয়মতীৰ উদ্ধাৰ
উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ জামনগৰৰ ভান্টাৰালৈ এয়াৰলিফ্ট
নাগালেণ্ডৰ পৰা বানৰ প্ৰবল সোঁতে প্ৰায় ৫৫ কিলোমিটাৰ উটুৱাই অসমলৈ অহা ৫৩ বছৰীয়া মাইকী হাতী জয়মতীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ জামনগৰৰ ভান্টাৰালৈ এয়াৰলিফ্ট কৰা হৈছে।
বানত গুৰুতৰভাৱে আহত জয়মতীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ লগতে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছে। স্থানীয়ভাৱে প্ৰাথমিক চিকিৎসা লাভ কৰাৰ পাছত উন্নত পশু চিকিৎসাৰ বাবে তেওঁক ভান্টাৰ বিশেষায়িত হাতী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
