উদ্যোগেৰে ১০ যুৱকক কৰ্মসংস্থাপন বজালীৰ দুই যুৱকৰ...

Public Talks
0

উদ্যোগেৰে ১০ যুৱকক কৰ্মসংস্থাপন বজালীৰ দুই যুৱকৰ


বজালী, মৃণাল পাটগিৰী: চৰকাৰী চাকৰিৰ আশাত অপেক্ষা নকৰি নিজৰ মেধা, দক্ষতা আৰু প্ৰযুক্তিগত জ্ঞানক মূলধন হিচাপে লৈ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে বজালীৰ দুই যুৱক বেদান্ত কাকতি আৰু কৃতম দত্তই।

২০১৯ চনত পাঠশালাৰ পৰা ‘Doofies’ নামৰ খাদ্য আৰু বিভিন্ন সামগ্ৰী হোম ডেলিভাৰী মোবাইল এপৰ জৰিয়তে তেওঁলোকে আৰম্ভ কৰিছিল নিজৰ উদ্যোগ। বৰ্তমান এই প্ৰতিষ্ঠানটোৰ সৈতে প্ৰায় ৮–১০গৰাকী শিক্ষিত যুৱক জড়িত হৈ আছে। ডেলিভাৰী সেৱাৰ জৰিয়তে তেওঁলোকে মাহে প্ৰায় ১৫–১৬ হাজাৰ টকা উপাৰ্জনৰ সুযোগ লাভ কৰিছে।

Doofies-ৰ জৰিয়তে দৈনিক গড়ে ১২০–১৫০টা অৰ্ডাৰ গ্ৰাহকৰ ঘৰত যোগান ধৰা হয়। পাঠশালাৰ প্ৰায় ৩০–৪০খন ৰেষ্টুৰেণ্ট এই সেৱাৰ সৈতে সংযুক্ত হৈ আছে। খাদ্যৰ উপৰি গেলামাল, বেকাৰী সামগ্ৰী, কেক আৰু বিভিন্ন সতেজ মাংসৰো হোম ডেলিভাৰী সেৱা আগবঢ়াই আহিছে প্ৰতিষ্ঠানটোৱে।

বেদান্ত আৰু কৃতমৰ এই প্ৰচেষ্টা কেৱল ব্যৱসায়িক উদ্যোগ নহয়, বৰং চাকৰি বিচৰাৰ পৰিৱৰ্তে চাকৰি সৃষ্টি কৰাৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ। প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ, কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিশীল চিন্তাৰে বজালীৰ পৰা আৰম্ভ কৰা এই উদ্যোগে নতুন প্ৰজন্মৰ বাবে আত্মনিৰ্ভৰশীলতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)