শিৱসাগৰ: উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় হৈছে সাংবাদিকৰ এটা দল। পূব গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত শিৱসাগৰ জিলাৰ বিভিন্ন বানপীড়িত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।
বৰ্তমানো জিলাখনৰ বিভিন্ন গাঁৱত একাঁঠু পৰ্যন্ত বানপানী থকাৰ ফলত বহু পৰিয়াল সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত সাংবাদিকৰ দলটোৱে প্ৰায় ৫০০টা বানপীড়িত পৰিয়ালৰ মাজত চাউল, দাইল, খাদ্যসামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
বানপীড়িত লোকসকলৰ দুৰ্দশাৰ সময়ত সাংবাদিকসকলৰ এই পদক্ষেপে মানৱীয়তা আৰু সামাজিক দায়বদ্ধতাৰ এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে।
