বৰাকৰ উন্নয়নমূলক প্ৰকল্প সময়মতে সম্পূৰ্ণ হ’ব লাগিব: মন্ত্ৰী কৃষ্ণেন্দু পাল
দিছপুৰ, ২২ আগষ্ট: বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত প্ৰতিটো উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত মুকলি কৰিবলৈ নিৰ্দেশ দিছে জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে।
বৰাক উপত্যকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত অসম সচিবালয়ৰ বৰাক উপত্যকা প্ৰেক্ষাগৃহত কাছাৰ জিলাৰ উপায়ুক্তৰ উপস্থিতিত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। শিলচৰত নিৰ্মাণৰত প্ৰেক্ষাগৃহ তথা জিলা পুথিভঁৰাল আৰু অসম সচিবালয়, বৰাক উপত্যকাৰ নিৰ্মাণকাৰ্য ত্বৰান্বিত কৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সমন্বয় বজাই ৰাখিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।
লগতে নিৰ্মাণকাৰ্যৰ মানদণ্ড নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিয়মীয়াকৈ প্ৰকল্পস্থলী পৰিদৰ্শনৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, শক্তিশালী আন্তঃগাঁথনিৰ জৰিয়তে বৰাক উপত্যকা উন্নয়নৰ পথত অধিক আগুৱাই যাব।
ইয়াৰ পিছতে মন্ত্ৰী পালে ৩২.৭৯ কোটি টকা ব্যয়েৰে খান্দি গ্ৰাম-মলুৱাৰ পৰা শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ বাইপাছলৈ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ উন্নীতকৰণৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে বৰাক নদীৰ ওপৰত নিৰ্মাণৰত মলুৱা-মাথেৰপুৰ দলংৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে।
