পানীখাইটিৰ কেইবাটাও আত্মসহায়ক গোটৰ মহিলাসকলৰ মহানুভৱতা...

Public Talks
0


 শিৱসাগৰৰ বানপীড়িতৰ কাষত আত্মসহায়ক গোট

পানীখাইটিৰ কেইবাটাও আত্মসহায়ক গোটৰ মহিলাসকলৰ মহানুভৱতা

গৰিমা শইকীয়া গাৰ্গৰ হাতত ৯০ হাজাৰ টকাৰ অনুদান আগবঢ়াই


গুৱাহাটী, ২২ আগষ্ট: শিৱসাগৰৰ বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে পানীখাইটিৰ কেইবাখনো আত্মসহায়ক গোটে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰি ৯০,০০০ টকাৰ অনুদান আগবঢ়ায়। এই অনুদান গৰিমা শইকীয়া গাৰ্গৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।



আত্মসহায়ক গোটসমূহৰ মহিলাসকলে জানিবলৈ দিয়ে যে, বানপীড়িত লোকসকলৰ দুখ-কষ্টৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়া আৰু পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সামান্য সহায় আগবঢ়োৱাই এই উদ্যোগৰ মূল লক্ষ্য। সমাজৰ প্ৰতি দায়বদ্ধতা আৰু সহমৰ্মিতাৰ বাৰ্তা বহন কৰা এই পদক্ষেপক স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়।



গৰিমা শইকীয়া গাৰ্গে আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ এই উদাৰ মনোভাৱৰ শলাগ লৈ কয় যে, সংকটৰ সময়ত সমাজৰ এনেধৰণৰ ঐক্যবদ্ধ সহযোগিতাই দুৰ্যোগপীড়িত পৰিয়ালসমূহলৈ নতুন আশাৰ সঞ্চাৰ কৰে। এই অনুদান শিৱসাগৰৰ বানপীড়িত লোকসকলৰ সহায় আৰু পুনৰবাসনৰ কামত ব্যৱহাৰ কৰা হ’ব।

Tags

Post a Comment

0Comments

Post a Comment (0)