শংকৰদেৱ শিশু নিকেতন কেন্দ্ৰত শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ...

Public Talks
0

 


ৰংমেলা শিশু বাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা সম্পন্ন

পাতিদৰং শংকৰদেৱ শিশু নিকেতন কেন্দ্ৰত শতাধিক পৰীক্ষাৰ্থীৰ অংশগ্ৰহণ

পাতিদৰং, ২৩ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ মুক্তাপুৰৰ পাতিদৰংস্থিত শংকৰদেৱ শিশু নিকেতনত ২০২৬ বৰ্ষৰ ‘ৰংমেলা শিশু বাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা’ সফলভাৱে অনুষ্ঠিত হয়। অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে।


ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভাৰ বিকাশ আৰু শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে অনুষ্ঠিত পৰীক্ষাখন সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰা হয়। পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন, স্মাৰ্ট ঘড়ীসহ ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰাৰ লগতে অভিভাৱকৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হয়।

মূল সমন্বয়ক হৃদয় বৈশ্যৰ নেতৃত্বত নয়নতৰা পাটোৱাৰী, ৰীমা ডেকা, লিয়াশ্ৰী ডেকা, ধৰিত্ৰী বেজবৰুৱা আৰু মানৱ দাসৰ সহযোগত পৰীক্ষাখন সুচাৰুৰূপে সম্পন্ন হয়। পৰীক্ষা সফল কৰাৰ বাবে কেন্দ্ৰ কৰ্তৃপক্ষ, অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)