কৃত্ৰিম বানত বহু পৰিয়াল ক্ষতিগ্ৰস্ত, আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ বানাক্ৰান্ত
লিডু: মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু কলিয়ৰীৰ মাটিখাদ আৰু ইটাখোলা এলেকা কৃত্ৰিম বানৰ কবলত পৰিছে। কালি নিশা অহা মুষলধাৰ বৰষুণৰ পাছতে এলেকাটোত সৃষ্টি হয় কৃত্ৰিম বান।
বানৰ পানী বহু লোকৰ বাসগৃহত প্ৰৱেশ কৰাৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হয়। লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰৌচন থাপাৰ তৎপৰতাত এছডিআৰএফৰ সহযোগত বানাক্ৰান্ত লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।
ইফালে, আৰক্ষী বিষয়া ৰৌচন থাপাই নিজা উদ্যোগত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত খাদ্যসহ বিভিন্ন সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এলেকাটোত পৰ্যাপ্ত জলনিৰ্গমনৰ ব্যৱস্থা নথকাৰ লগতে নলা তৰাং হৈ পৰাৰ বাবেই সামান্য বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়। সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।
