ইউএছটিএমৰ ‘Author-in-Residence’ হিচাপে ময়ূৰ বৰাৰ যোগদান
অসমৰ বিশিষ্ট লেখক, চিন্তাবিদ তথা নাবাৰ্ডৰ প্ৰাক্তন উপ-মহাপ্ৰবন্ধক ময়ূৰ বৰাই University of Science and Technology Meghalaya (USTM)-ত ‘Author-in-Residence’ আৰু Centre for Competitive Examinations (CCE)-ৰ সঞ্চালক হিচাপে যোগদান কৰিছে।
শিক্ষাৰ্থীসকলৰ সৃজনশীল চিন্তা, লেখন দক্ষতা, যুক্তিপূৰ্ণ চিন্তা আৰু বক্তৃতা প্ৰদানৰ দক্ষতা বিকাশত তেওঁ গুৰুত্ব দিব। বিশেষকৈ AI-ৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ সময়ত মানৱীয় চিন্তা, সৃষ্টিশীলতা আৰু বৌদ্ধিক সামৰ্থ্য শক্তিশালী কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিব।
CCE-ৰ সঞ্চালক হিচাপে ময়ূৰ বৰাই ইউএছটিএমৰ শিক্ষাৰ্থীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰাত শৈক্ষিক আৰু কৌশলগত দিক্-নিৰ্দেশনা আগবঢ়াব। প্ৰায় ২৫ বছৰ নাবাৰ্ডত সেৱা আগবঢ়োৱা বৰাই ইতিমধ্যে অসমীয়াত ১৬খন আৰু ইংৰাজীত ২খন গ্ৰন্থ ৰচনা কৰিছে।
