আলোচনাৰ অন্তত সিদ্ধান্ত, SIT গঠন নকৰালৈকে স্থগিত যোৰাবাটৰ অৱৰোধ
মন্ত্ৰী অতুল বৰা, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ড০ তপন দাসৰ সৈতে আলোচনাৰ পাছত সিদ্ধান্ত
যোৰাবাটত চলি থকা প্ৰতিবাদ আৰু অৱৰোধক লৈ অনুষ্ঠিত আলোচনাৰ অন্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰী অতুল বৰা, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ড০ তপন দাসৰ সৈতে প্ৰতিবাদকাৰীসকলৰ আলোচনাৰ পাছত SIT গঠন নোহোৱালৈকে অৱৰোধ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।
সিদ্ধান্ত অনুসৰি, কাইলৈৰ পৰা অসম আৰু মেঘালয়ৰ মাজত যাতায়ত আৰু যোগাযোগ ব্যৱস্থা স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু বিষয়টোৰ তদন্তৰ বাবে SIT গঠনৰ দাবী উত্থাপন কৰা হৈছে।
