জুবিনৰ জীৱন মঞ্চত, হেঙুল থিয়েটাৰৰ ‘ঈশ্বৰ পুত্ৰ’...

Public Talks
0

 


জুবিনৰ জীৱনক আধাৰ কৰি হেঙুল থিয়েটাৰৰ ‘ঈশ্বৰ পুত্ৰ’

মৰিয়নী: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীতশিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মক আধাৰ কৰি হেঙুল থিয়েটাৰে ২০২৬–২৭ নাট্যবৰ্ষৰ বাবে মঞ্চস্থ কৰিছে বিশেষ নাটক ‘ঈশ্বৰ পুত্ৰ’

মৰিয়নীত নাটকখনৰ প্ৰথম প্ৰদৰ্শনীত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে। নাটকখন উপভোগ কৰি তেওঁ আৱেগিক হৈ পৰে। জুবিনৰ সংগীত, জীৱন আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ তেওঁৰ অৱদানক মঞ্চত সজীৱ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে নাটকখনত।

জুবিনৰ জীৱনৰ সৈতে জড়িত আবেগিক কাহিনী মঞ্চত জীৱন্ত কৰি তোলা অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰে। ‘ঈশ্বৰ পুত্ৰ’ৰ জৰিয়তে হেঙুল থিয়েটাৰে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি এক আবেগিক শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)