প্ৰথম APLতেই চেম্পিয়ন বৰপেটা ব্ৰেভছ, ৰচিলে ইতিহাস
বৰপেটা: অসম প্ৰিমিয়াৰ লীগ (APL)-ৰ প্ৰথম সংস্কৰণতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচিলে ঘৰুৱা দল বৰপেটা ব্ৰেভছে। দলটোৰ এই ঐতিহাসিক সাফল্যত উৎফুল্লিত সমগ্ৰ বৰপেটাবাসী।
খেলুৱৈসকলৰ আত্মবিশ্বাস, সুন্দৰ কৌশল আৰু কঠোৰ পৰিশ্ৰমৰ ফলতে দলটোৱে এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। বিজয়ৰ বাবে বৰপেটা ব্ৰেভছৰ খেলুৱৈসকল, প্ৰশিক্ষক মনোজ কুমাৰ বায়ন আৰু সমগ্ৰ ব্যৱস্থাপনা সমিতিক অভিনন্দন জনোৱা হৈছে।
