২৭ আগষ্টত দেশজুৰি ‘খেলো ইণ্ডিয়া ডায়লগ’, যুৱ খেলুৱৈৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
নতুন দিল্লী, ২৪ আগষ্ট: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস-২০২৬ উপলক্ষে ২৭ আগষ্টত দেশজুৰি অনুষ্ঠিত হ’ব ‘খেলো ইণ্ডিয়া ডায়লগ—খেল কি বাত, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে’ শীৰ্ষক বিশেষ কাৰ্যসূচী। দেশৰ ১,৫০০ৰো অধিক শিক্ষানুষ্ঠানত যুৱক-যুৱতী, খেলুৱৈ আৰু নীতি-নিৰ্ধাৰকসকলক একত্ৰিত কৰা হ’ব।
কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী যুৱ খেলুৱৈসকলক সম্বোধন কৰিব। ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন, ২০৩৬ অলিম্পিকৰ বাবে প্ৰতিভা বিকাশ, যুৱ নেতৃত্ব আৰু ভৱিষ্যৎমুখী দক্ষতা—এই চাৰিটা বিষয়ত যুৱ অংশগ্ৰহণকাৰীসকলে মতামত আগবঢ়াব।
দীপা কৰ্মকাৰ, ছাইনা নেহৱাল, গগন নাৰং, মেৰী কম, পি.টি. উষা, মীৰাবাই চানু আদি বিশিষ্ট খেলুৱৈয়ে যুৱ প্ৰজন্মৰ সৈতে মত বিনিময় কৰিব। লগতে সাংসদ, বিধায়ক আৰু মন্ত্ৰীসকলেও যুৱসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব।
