জুৱাৰ বিৰুদ্ধে ডবকা আৰক্ষীৰ অভিযান, ৭জন আটক
ডবকা: জুৱাৰ বিৰুদ্ধে অভিযান চলাই ডবকা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। নহাৰ গাঁৱৰ শ্বফিকুল ইছলামৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জুৱা খেলৰ সামগ্ৰী আৰু বৃহৎ পৰিমাণৰ ধন জব্দ কৰে।
অভিযানত জুৱা খেলৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ৭জন লোকক আটক কৰে আৰক্ষীয়ে। ঘটনাটোৰ সন্দৰ্ভত ডবকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
