কামৰূপত স্পেইনৰ দম্পতীক শিশুৰ আনুষ্ঠানিক দত্তক হস্তান্তৰ
আমিনগাঁও, ২৪ আগষ্ট: কামৰূপ জিলা প্ৰশাসন, জিলা শিশু সুৰক্ষা ইউনিট (DCPU) আৰু বকোৰ বিশেষীকৃত দত্তক সংস্থা (SAA)-ৰ যৌথ উদ্যোগত সোমবাৰে আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আন্তঃদেশীয় দত্তক হস্তান্তৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত স্পেইনৰ পৰা অহা দত্তক গ্ৰহণকাৰী পিতৃ-মাতৃৰ হাতত এগৰাকী শিশুক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।
জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শৰীফ উদ্দিন আহমেদ পাঠান, অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু উপস্থিত থাকে।
দত্তক প্ৰক্ৰিয়াটো কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ আৰু দত্তক বিধি, ২০২২ অনুসৰি CARA, SARA, DCPU কামৰূপ, SAA বকো আৰু স্পেইনৰ অনুমোদিত বিদেশী দত্তক সংস্থাৰ সমন্বয়ত সম্পূৰ্ণ কৰা হয়। এই দত্তক প্ৰক্ৰিয়াই ভাৰত আৰু স্পেইনৰ মাজৰ সামাজিক-সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে।
