বানাক্ৰান্তৰ খবৰ ল’বলৈ অসমলৈ আহিব বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ
২৮ আগষ্টত শিৱসাগৰ-নাজিৰাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হ’ব অভিনেতাজন
শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিবলৈ ২৮ আগষ্টত অসমলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। জানিব পৰা মতে, পুৱা বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হ’ব অভিনেতাজন।
ডিব্ৰুগড়ৰ এখন হোটেলত কিছুসময় কটোৱাৰ পাছতে হোটেলৰ পৰাই পোনে পোনে শিৱসাগৰ আৰু নাজিৰালৈ যাত্ৰা কৰিব অক্ষয় কুমাৰে। বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণত সহায় কৰাৰ পৰিকল্পনাৰে অভিনেতাজন অসমলৈ অহা বুলি জানিব পৰা গৈছে।
