আঁহগুৰিত মাটিৰ তলৰ পৰা ওলাল শিৱমূৰ্তি, অঞ্চলজুৰি চাঞ্চল্য
শিৱসাগৰ: শিৱসাগৰৰ আঁহগুৰিত মাটিৰ তলৰ পৰা শিৱমূৰ্তি উদ্ধাৰৰ ঘটনাই অঞ্চলটোত কৌতূহলৰ সৃষ্টি কৰিছে। গৃহস্থৰ দাবী অনুসৰি, সপোনত দেখুওৱা স্থানতে মাটিৰ তলৰ পৰা মূৰ্তিটো উদ্ধাৰ কৰা হয়।
গৃহস্থই জানিবলৈ দিয়া মতে, সপোনত উক্ত স্থানত এটা সুন্দৰ মন্দিৰ নিৰ্মাণৰ ইংগিত লাভ কৰিছিল। পিছত সেই স্থানতে শিৱমূৰ্তিটো উদ্ধাৰ হোৱাত তেওঁলোকে ইয়াক ভগৱান শিৱৰ আশীৰ্বাদ হিচাপে গণ্য কৰিছে।
মূৰ্তিটো উদ্ধাৰৰ পিছত গৃহস্থই ধৰ্মীয় ৰীতি-নীতিৰে ইয়াক প্ৰতিষ্ঠা কৰে। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো ভক্তি আৰু কৌতূহলৰ সৃষ্টি হৈছে। অৱশ্যে মূৰ্তিটো প্ৰকৃততে কেনেদৰে মাটিৰ তলত উপস্থিত হ’ল, সেয়া এতিয়াও স্পষ্ট নহয়।
