বন্যাৰ্তৰ প্ৰতিবাদত উত্তাল শিৱসাগৰৰ দ’লমুখ চাৰিআলি
শিৱসাগৰ: শিৱসাগৰৰ দ’লমুখ চাৰিআলিত বানপীড়িত ৰাইজে বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বানপানীৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ শীঘ্ৰে সমাধান, ক্ষতিগ্ৰস্ত পৰিয়ালক পৰ্যাপ্ত সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে বন্যাৰ্তসকলে।
প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা প্ৰশাসনক বানপীড়িত ৰাইজৰ সমস্যাসমূহৰ প্ৰতি তাৎক্ষণিকভাৱে গুৰুত্ব দি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
