যোৰাবাটৰ প্ৰতিবাদৰ পাছতে মেঘালয়ত অচলাৱস্থা, হাহাকাৰ জনজীৱনত
শ্বিলং: যোৰাবাটত সংঘটিত প্ৰতিবাদৰ পাছত মেঘালয়ত ইয়াৰ প্ৰভাৱ ক্ৰমাৎ স্পষ্ট হৈ পৰিছে। প্ৰতিবাদৰ তিনিদিন পাছতো ৰাজ্যখনৰ কেইবাটাও অঞ্চলত স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ যোগানত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে, পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাত টেক্সি আৰু অটোচালকসকলেও যাত্ৰীৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে।
পুলিচ বজাৰ, চেৰাপুঞ্জীকে ধৰি কেইবাটাও জনপ্ৰিয় পৰ্যটনস্থলীত পৰ্যটকৰ উপস্থিতি যথেষ্ট হ্ৰাস পোৱাৰ ফলত স্থানীয় ব্যৱসায়-বাণিজ্যতো প্ৰভাৱ পৰিছে। পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
