গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী সন্মিলন
গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে শিক্ষাৰ্থী সন্মিলন। সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
অনুষ্ঠানত বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তও উপস্থিত থাকে। সন্মিলনত বিশ্ববিদ্যালয়খনৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময়ৰ লগতে শিক্ষা, যুৱ সমাজ আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়।
