বশিষ্ঠ আৰক্ষীৰ বৃহৎ সফলতা, জালত ৭ গাড়ী চোৰ...

Public Talks
0


 গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত ৭জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ৰোহিত ওৰফে ৰাজ ঠাকুৰীয়াৰ নেতৃত্বত চলিছিল এই গাড়ী চুৰি চক্ৰটো। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা গাড়ী বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ আছে চক্ৰটোৰ বিৰুদ্ধে।

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে—ৰোহিত ঠাকুৰীয়া, নৱ দাস, মনোজ ঠাকুৰীয়া, ৰাম ছেত্ৰী, ৱাহুদ হক, ভাস্কৰ কলিতা আৰু আছিফ খান। আৰক্ষীৰ মতে, অভিযুক্তসকল তেজপুৰ, নগাঁও আৰু ওদালগুৰিৰ সৈতে জড়িত।

অভিযানত আৰক্ষীয়ে দুখন চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে গাড়ী চুৰিত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে। ঘটনাটোৰ সৈতে জড়িত আন লোকৰ সন্ধানতো আৰক্ষীৰ অভিযান অব্যাহত আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)