ভুল চিকিৎসাৰ অভিযোগত গোলাঘাটৰ চিকিৎসক গ্ৰেপ্তাৰ
ভুল চিকিৎসাৰ অভিযোগত গোলাঘাটৰ চিকিৎসক ভাস্কৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি, গোলাঘাটৰ HGM নাৰ্ছিং হোমত যোৱা ২৫ জুলাইত জ্যোৎস্মিতা বৰাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।
অস্ত্ৰোপচাৰৰ পাছতে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
