কাছাৰত বৃহৎ ড্ৰাগছবিৰোধী অভিযান
৮ হাজাৰ ইয়াবা টেবলেটসহ ৭৩৯ গ্ৰাম হেৰ’ইন জব্দ
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ থানাৰ অন্তৰ্গত ৰংপুৰ পাৰ্ট-১ এলেকাত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।
অভিযানত ৮ হাজাৰ ইয়াবা টেবলেটৰ লগতে ১৪টা চাবোনৰ কেচত লুকুৱাই ৰখা প্ৰায় ৭৩৯ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ড্ৰাগছ সৰবৰাহৰ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে।
কাছাৰ আৰক্ষীয়ে জিলাখনত ড্ৰাগছবিৰোধী অভিযান অধিক তীব্ৰতৰ কৰাৰ কথা প্ৰকাশ কৰিছে।
