জুবিনৰ প্ৰথম মৃত্যুবার্ষিকীত ‘জুবিন ক্ষেত্ৰ’ত ৩দিনীয়া বিশেষ অনুষ্ঠান...

Public Talks
0

 


জুবিনৰ প্ৰথম মৃত্যুবার্ষিকীত সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ত ৩দিনীয়া বিশেষ কাৰ্যসূচী

সোণাপুৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ত ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুটা সামাজিক-সাংস্কৃতিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত জুবিনক ভালপোৱা ৰাইজৰ অংশগ্ৰহণৰ সুযোগ থাকিব।

১৭ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। ১৮ ছেপ্টেম্বৰত আগবেলা নাগাৰা নাম আৰু নাম-প্ৰসংগৰ লগতে গধূলিলৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত জুবিনক ভালপোৱা শিল্পী তথা অনুৰাগীসকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব।

১৯ ছেপ্টেম্বৰত পুৱা অনুষ্ঠিত হ’ব ভাগৱত পাঠ আৰু গধূলিলৈ প্ৰদৰ্শিত হ’ব ভাওনা। অনুষ্ঠানটি সফল কৰি তুলিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে

Tags

Post a Comment

0Comments

Post a Comment (0)