তামুলপুৰত শিক্ষাৰ্থীৰ বাবে বিশেষ আধাৰ বায়’মেট্ৰিক আপডেট শিবিৰ
তামুলপুৰ, ২৪ আগষ্ট: ইউআইডিএআইৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ে ভাৰতীয় সেনা আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ ৫–১৭ বছৰ বয়সৰ শিক্ষাৰ্থীৰ বাবে বিশেষ বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (MBU) শিবিৰ আৰম্ভ কৰিছে।
এই অভিযানৰ প্ৰথমটো শিবিৰ তামুলপুৰৰ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত পৰ্যায়ক্ৰমে শিবিৰ অনুষ্ঠিত কৰি যোগ্য শিক্ষাৰ্থীসকলৰ আধাৰ বায়’মেট্ৰিক আপডেট সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
তামুলপুৰ জিলাত মুঠ ১৭,৪৮০গৰাকী শিক্ষাৰ্থীক বাধ্যতামূলক বায়’মেট্ৰিক আপডেটৰ বাবে চিনাক্ত কৰা হৈছে। ইউআইডিএআইৰ নিয়ম অনুসৰি, শিশুৰ ৫ বছৰ আৰু ১৫ বছৰ বয়সত বাধ্যতামূলকভাৱে বায়’মেট্ৰিক আপডেট কৰিব লাগে।
সময়মতে আধাৰ আপডেট কৰিলে আধাৰ-ভিত্তিক প্ৰমাণীকৰণ, বিদ্যালয়ত নামভৰ্তি, প্ৰৱেশ পৰীক্ষা, বৃত্তি আৰু DBT আঁচনিৰ সুবিধা লাভত সম্ভাব্য অসুবিধা হ্ৰাস পাব। যোগ্য সকলো শিক্ষাৰ্থীক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
