বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য
আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ ৭ সদস্য গ্ৰেপ্তাৰ, ২খন চুৰি বাহন উদ্ধাৰ
গুৱাহাটী, ২৯ আগষ্ট: গাড়ী চুৰিৰ বিৰুদ্ধে অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত ৭জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা লোককেইজনে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰিৰ ঘটনা সংঘটিত কৰি আহিছিল। অভিযানত গেংটোৰ পৰা দুখন চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী জব্দ কৰা হয়।
ঘটনাৰ সৈতে জড়িত আন লোকৰ সন্ধানতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
