সীমান্তত বিএছএফ জোৱানক ৰাখী পিন্ধালে শ্ৰীভূমিৰ খুশী স্মৃতি সংস্থাই
‘মানুহৰ মৰমেই আমাৰ শক্তি’—বিএছএফ কমাণ্ডাৰ উমেশ কুমাৰ
শ্ৰীভূমি, ২৮ আগষ্ট: পবিত্ৰ ৰক্ষা বন্ধন উপলক্ষে শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতৰকান্দিত বিএছএফৰ ১৭১ নং বেটেলিয়নৰ জোৱানসকলক ৰাখী পিন্ধাই ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰিলে খুশী স্মৃতি সংস্থাই।
সুতৰকান্দি কোম্পানী কেম্পত আয়োজিত অনুষ্ঠানত সংস্থাৰ সদস্যাসকলে জোৱানসকলক তিলক পিন্ধাই, ফুলেৰে বৰণ কৰি ৰাখী পিন্ধাই দিয়ে। অনুষ্ঠানত কোম্পানী কমাণ্ডাৰ উমেশ কুমাৰে কয়, “আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ আৰু পৰিয়ালৰ পৰা আঁতৰি দেশৰ সেৱাত নিয়োজিত। মানুহৰ মৰমেই আমাৰ শক্তি।”
সংস্থাৰ সদস্যসকলে কয় যে দেশৰ সীমান্ত সুৰক্ষাৰ বাবে পৰিয়াল-পৰিজনৰ পৰা আঁতৰি কৰ্তব্য পালন কৰা জোৱানসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য।
অনুষ্ঠানত কোম্পানী কমাণ্ডাৰ উমেশ কুমাৰক উত্তৰীয় পিন্ধাই সম্বৰ্ধনা জনোৱা হয়। লগতে দেশাত্মবোধক সংগীত, ৰাখী বন্ধনৰ গীত, নৃত্য আৰু ‘বন্দে মাতৰম’ সমবেত কণ্ঠত পৰিৱেশন কৰা হয়।
অনুষ্ঠানটোৱে সীমান্তৰ জোৱান আৰু সাধাৰণ নাগৰিকৰ মাজত থকা মৰম, ভাতৃত্ববোধ আৰু দেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
