নিজ সমষ্টিতে ক্ষোভৰ সন্মুখীন দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত
কমাৰবন্ধা স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰক লৈ ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিবাদ
দেৰগাঁও, ২৯ আগষ্ট: কমাৰবন্ধা স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰক লৈ দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল দত্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কেইবাটাও ছাত্ৰ সংগঠনে।
স্বাস্থ্য কেন্দ্ৰটো স্থানান্তৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে সংবাদমেল সম্বোধন কৰাৰ পাছতেই কমাৰবন্ধা ছাত্ৰ সন্থা, কমাৰবন্ধা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ নেতৃবৰ্গ জাঙুৰ খাই উঠে।
স্বাস্থ্য কেন্দ্ৰটো স্থানান্তৰৰ সিদ্ধান্তক লৈ সংগঠনসমূহে তীব্ৰ আপত্তি প্ৰকাশ কৰি জনস্বাৰ্থত সিদ্ধান্তটো পুনৰ বিবেচনা কৰাৰ দাবী জনায়। ঘটনাটোৱে সমষ্টিটোত ৰাজনৈতিক তথা সামাজিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
