নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক...

Public Talks
0

 


নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

কামৰ সন্ধানত নেপাললৈ গৈছিল মন্ত্ৰী বসুমতাৰী আৰু ঋতুৰাজ ব্ৰহ্ম

কাৰ্বি আংলং, ২৮ আগষ্ট: নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন হৈ পৰিছে কাৰ্বি আংলঙৰ লাংহিনৰ দুই যুৱক। সন্ধানহীন যুৱকদ্বয় হৈছে মন্ত্ৰী বসুমতাৰী আৰু ঋতুৰাজ ব্ৰহ্ম

জানিব পৰা মতে, প্ৰায় দুসপ্তাহ পূৰ্বে দুয়োগৰাকী যুৱকে কামৰ সন্ধানত সুদূৰ নেপাললৈ গৈছিল। কিন্তু নেপালত সৃষ্টি হোৱা ভয়াৱহ বান আৰু ভূমিস্খলনৰ মাজতে তেওঁলোকৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

দুই যুৱকৰ সন্ধান নোপোৱাত পৰিয়ালত সৃষ্টি হৈছে গভীৰ উদ্বেগ। পৰিয়ালৰ লোকে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক যুৱকদ্বয়ৰ সন্ধান উলিয়াই শীঘ্ৰে উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)