ছয়মাইলৰ ভিআইপি ৰোডত বৃহৎ পৰিমাণৰ গা/ঞ্জা জব্দ

Public Talks
0

 


পান দোকানৰ আঁৰত গাঞ্জা বিক্ৰীৰ অভিযোগ, দুগৰাকী মহিলা আটক

গুৱাহাটী: মহানগৰীৰ ছয়মাইলস্থিত ভিআইপি ৰোডত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে লাচিত সেনা অসমৰ থলগিৰি শাখাৰ সদস্যসকলে। অভিযোগ অনুসৰি, পথৰ কাষত সৰু সৰু পান দোকান দিয়াৰ আঁৰত একাংশ লোকে গাঞ্জা আৰু ড্ৰাগছৰ বেহা চলাই আহিছে।


ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ দুগৰাকী মহিলাক আটক কৰে। অভিযোগ অনুসৰি, এগৰাকী মহিলাই পান দোকানৰ পৰা গাঞ্জা বিক্ৰী কৰি আছিল।


আনগৰাকী মহিলাই চাইকেলত মোনা লৈ দোকানে দোকানে গাঞ্জা বিক্ৰী কৰিবলৈ অহাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)