ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা

Public Talks
0


নতুন দিল্লী:
সংকটৰ মুহূৰ্তত অসাধাৰণ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় দাঙি ধৰি ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ছুৰিকাঘাতত আহত হোৱাৰ পাছতো নিজৰ জীৱনৰ কথা চিন্তা নকৰি যাত্ৰীসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি কেপ্টেইন স্মিট মচ্ছাৰে দেখুওৱা সাহসক প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে প্ৰশংসা কৰে। সংকটৰ সময়ত তেওঁৰ উপস্থিত বুদ্ধি, সাহস আৰু দায়িত্ববোধে বহু লোকৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্টেইন স্মিট মচ্ছাৰক এগৰাকী ‘Real Hero’ বুলি অভিহিত কৰি তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰে। আহত অৱস্থাতো যাত্ৰীসকলক সুৰক্ষিত কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপক দেশৰ বাবে গৌৰৱৰ বিষয় হিচাপে উল্লেখ কৰা হৈছে।

কেপ্টেইনগৰাকীৰ এই সাহসিকতাই কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সংকটৰ সময়ত মানৱীয় দায়িত্ববোধৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে।

Post a Comment

0Comments

Post a Comment (0)