জন্মদিনত এছিয়ান গেমছত সোণৰ পদক লাভলীনা বৰগোহাঁইৰ

Public Talks
0


গোলাঘাটৰ গৌৰৱলৈ জিলা প্ৰশাসনৰ অভিনন্দন; পিতৃ-মাতৃক সাক্ষাৎ বিধায়ক আৰু জিলা আয়ুক্তৰ

গোলাঘাট, ২ অক্টোবৰ: গোলাঘাটৰ গৌৰৱ তথা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইয়ে এছিয়ান গেমছৰ বক্সিং প্ৰতিযোগিতাত ৭৫ কেজি শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা অসমলৈ পুনৰ এক গৌৰৱময় সফলতা কঢ়িয়াই আনিছে। জন্মদিনৰ দিনাই দেশলৈ এই ঐতিহাসিক সোণৰ পদক উপহাৰ দিয়াত লাভলীনাক গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।

এই আনন্দৰ মুহূৰ্তত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলাৰ জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনে লাভলীনাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে। দুয়োগৰাকীয়ে লাভলীনাৰ এই অভূতপূৰ্ব সফলতাৰ বাবে পৰিয়ালটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে লাভলীনাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

লাভলীনা বৰগোহাঁইৰ এই অনন্য সাফল্যই অসমৰ উদীয়মান ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰাৰ লগতে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈও নতুন আশাৰ সঞ্চাৰ কৰিছে। গোলাঘাটৰ গৌৰৱ লাভলীনালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু আগন্তুক দিনত অধিক সফলতা কামনা কৰে জিলা প্ৰশাসনে। 

Tags

Post a Comment

0Comments

Post a Comment (0)