‘আন্তিম আশ্ৰয়’ শ্মশান পৰিদৰ্শন সাংসদ কৃপানাথ মালাৰ, নতুন মৃতদেহবাহী বাহন যোগানৰ প্ৰতিশ্ৰুতি

Public Talks
0


শ্ৰীভূমি:
স্থানীয় সাংসদ কৃপানাথ মালাই শুকুৰবাৰে শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰৰ বিবেকানন্দ পল্লীত অৱস্থিত ‘আন্তিম আশ্ৰয়’ শ্মশান পৰিদৰ্শন কৰি তাত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শনকালত শ্মশান কৰ্তৃপক্ষই এখন নতুন মৃতদেহবাহী বাহনৰ প্ৰয়োজনীয়তাৰ কথা সাংসদগৰাকীক অৱগত কৰে। এই দাবীৰ প্ৰতি সঁহাৰি জনাই কৃপানাথ মালাই নতুন মৃতদেহবাহী বাহন এখন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

সাংসদগৰাকীয়ে কয় যে জনসাধাৰণৰ সুবিধাৰ্থে ৰাজহুৱা সেৱাসমূহ অধিক শক্তিশালী কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

Tags

Post a Comment

0Comments

Post a Comment (0)