গুৱাহাটী: চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক সত্য নহয় বুলি স্পষ্ট কৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিভাগৰ স্থিতি স্পষ্ট কৰে।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী বা প্ৰাদেশীকৃত বিদ্যালয়লৈ কোনো ব্যক্তিৰ যাতায়াতত বাধা আৰোপ কৰি কোনো ধৰণৰ জাননী বা নিৰ্দেশনা জাৰি কৰা নাই। সেয়েহে বিদ্যালয়ত ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি প্ৰকাশ পোৱা বাতৰিসমূহ সত্য নহয় বুলি তেওঁ স্পষ্ট কৰে।
ইফালে, বিদ্যালয় পৰিদৰ্শকৰ নাম আৰু পদবী ব্যৱহাৰ কৰি অনুমোদনবিহীন বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত নুৰুল হুচেইন নামৰ এগৰাকী CRCC-লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে।
উল্লেখ্য যে চৰকাৰী বিদ্যালয়ত ৰাইজৰ প্ৰৱেশ সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ পিছতে বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে শিক্ষামন্ত্ৰীগৰাকীয়ে বিভাগৰ ফালৰ পৰা কোনো এনে নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।
