নুমলীগড়ত গঠন হ’ল বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা

Public Talks
0


নুমলীগড়, ১৫ ছেপ্টেম্বৰঃ নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ মঙলবাৰে এখন সভা অনুষ্ঠিত হয়। সভাত উপস্থিত সদস্যসকলে বৈদ্যুতিক অট’ৰিক্সা চালকসকলৰ বিভিন্ন সমস্যা, অধিকাৰ আৰু কল্যাণমূলক বিষয়ত বিস্তৃত আলোচনা কৰাৰ পিছত ‘নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা’ নামৰ এটি সংগঠন গঠন কৰে।


নৱগঠিত সন্থাটোৰ মূল উদ্দেশ্য হৈছে বৈদ্যুতিক অট’ৰিক্সা চালকসকলৰ কল্যাণ সাধন, তেওঁলোকৰ অধিকাৰ সুৰক্ষা, চৰকাৰী আঁচনি আৰু সুবিধাসমূহ লাভ কৰাত সহায় কৰা তথা চালকসকলৰ মাজত একতা আৰু সংগঠনৰ শক্তি বৃদ্ধি কৰা।


সন্থাই সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে চালকসকলৰ আৰ্থিক, স্বাস্থ্য আৰু সামাজিক সুৰক্ষাৰ বাবে কাম কৰাৰ লগতে বৈদ্যুতিক যানবাহনৰ প্ৰচাৰৰ জৰিয়তে বায়ু প্ৰদূষণ হ্ৰাস আৰু পৰিৱেশ-বান্ধৱ পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছে। ইয়াৰ উপৰি কোনো ধৰ্ম, জাতি বা অঞ্চলৰ ভিত্তিত বৈষম্য নকৰাকৈ সকলো চালকক সমান সুযোগ প্ৰদান, চৰকাৰী নিয়ম-কানুন, লাইচেন্স, পঞ্জীয়ন আৰু যান-বাহন চলাচলৰ নিয়ম মানি চলাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।


জনকল্যাণমূলক পদক্ষেপ হিচাপে সন্থাই চালকসকলৰ বাবে ড্ৰাইভিং সুৰক্ষা, বেটাৰী ৰক্ষণাবেক্ষণ আৰু যান-বাহন চলাচলৰ নিয়ম সম্পৰ্কে প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰিছে। লগতে চৰকাৰী আঁচনি আৰু বৈদ্যুতিক যানবাহন সম্পৰ্কীয় সুবিধা লাভ, বেংকৰ জৰিয়তে ঋণ বা আৰ্থিক সহায় লাভৰ ক্ষেত্ৰত চালকসকলক সহযোগিতা কৰাৰ লক্ষ্যও গ্ৰহণ কৰা হৈছে।


ইয়াৰ লগতে চালকসকলৰ বাবে স্বাস্থ্য আৰু দুৰ্ঘটনা বীমাৰ সুবিধা, বৈদ্যুতিক যানবাহনৰ বাবে চাৰ্জিং ষ্টেচন স্থাপনৰ দাবী, মহিলা আৰু যুৱক চালকৰ সশক্তিকৰণ, পৰিৱেশ সুৰক্ষা অভিযান আৰু অসুস্থ বা দুৰ্ঘটনাগ্ৰস্ত চালকক সহায় কৰিবলৈ কল্যাণ তহবিল গঠনৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়।


সন্থাই আগন্তুক দিনত অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগ, পৰিবহণ বিভাগ আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চালকসকলৰ লাইচেন্স, ৰুট পাৰমিট, ভাড়া তথা অন্যান্য সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।

Tags

Post a Comment

0Comments

Post a Comment (0)