৪২টা ৱাৰ্ডৰ দুটাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি
শিলচৰ, ২ অক্টোবৰ: কাইলৈ, ৩ অক্টোবৰত অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ প্ৰথমটো নিৰ্বাচন। মুঠ ৪২টা ৱাৰ্ডৰে গঠিত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ইতিমধ্যে দুটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বিজেপিয়ে।
৯ নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী বিজেন্দ্ৰ প্ৰসাদ সিং আৰু ২০ নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ভক্তি সেন তালুকদাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছতে দুয়োটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী দুগৰাকী নিৰ্বাচিত হয়।
ফলত কাইলৈ ৪০টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে মুঠ ১৩৩গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ৪২টা ৱাৰ্ডত মুঠ প্ৰায় ২.৭ লাখ ভোটাৰ আছে।
শিলচৰ পৌৰ নিগমৰ এইটো প্ৰথম নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ’ব ৬ অক্টোবৰত।
