ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত প্ৰধান মন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

Public Talks
0


৮ ছেপ্টেম্বৰ: ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা জ্ঞাপন কৰিছে।

 প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলত  কয় "যে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱক তেখেতৰ জন্ম শতবার্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

তেখেতৰ কণ্ঠই সমগ্ৰ দেশবাসীৰ ওচৰলৈ অসমৰ আত্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভিমান বহন কৰিছিল।

সংগীতৰ জৰিয়তে তেখেতে অগণন জনগণৰ চিন্তা আৰু ভাৱনাক সুন্দৰভাৱে প্ৰকাশ কৰিছিল। তেখেতৰ গীতে মানুহক অধিক ওচৰ চপাই আনিছিল।

যোৱা বছৰ গুৱাহাটীত তেখেতৰ জন্ম শতবার্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰা স্মৃতি মই আন্তৰিকতাৰে স্মৰণ কৰিছোঁ। ভূপেন দাৰ জীৱন আৰু কৰ্মই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"
Tags

Post a Comment

0Comments

Post a Comment (0)