বিশ্বমঞ্চত কেয়া কুণাল বেনাৰ্জী, নিজৰ ওজনৰ তিনিগুণতকৈও অধিক ওজন তুলি তেওঁ দেখুৱালে অসাধাৰণ শক্তি আৰু দক্ষতা

Public Talks
0

 


বিশ্বমঞ্চত ভাৰতৰ গৌৰৱ, ১৪০ কেজিৰ ডেডলিফ্টেৰে ৰূপৰ পদক কেয়াৰ

ভাৰতীয় পাৱাৰলিফ্টাৰ কেয়া কুণাল বেনাৰ্জীয়ে বিশ্বমঞ্চত উজলাই তুলিলে দেশৰ নাম। ২১ বছৰীয়া কেয়াই দক্ষিণ আফ্ৰিকাৰ ছান চিটীত অনুষ্ঠিত ২০২৬ IPF বিশ্ব ছাব-জুনিয়ৰ আৰু জুনিয়ৰ ক্লাছিক পাৱাৰলিফ্টিং চেম্পিয়নশ্বিপত মহিলাৰ ৪৭ কেজি শাখাত ডেডলিফ্টত ১৪০ কেজি ওজন তুলি ৰূপৰ পদক অৰ্জন কৰে।

কেয়াৰ শৰীৰৰ ওজন আছিল মাত্ৰ ৪৫.৭ কেজি। অৰ্থাৎ নিজৰ ওজনৰ তিনিগুণতকৈও অধিক ওজন তুলি তেওঁ দেখুৱালে অসাধাৰণ শক্তি আৰু দক্ষতা। প্ৰতিযোগিতাখনত কেয়াই ৯০ কেজি স্কোৱাট আৰু ৫০ কেজি বেঞ্চ প্ৰেছসহ মুঠ ২৮০ কেজি উত্তোলন কৰি সামগ্ৰিকভাৱে পঞ্চম স্থান লাভ কৰে।

কেয়াৰ এই কৃতিত্বই ভাৰতীয় পাৱাৰলিফ্টিঙত নতুন আশাৰ সঞ্চাৰ কৰিছে। ১৪০ কেজিৰ এই ডেডলিফ্টেৰে বিশ্বমঞ্চত ৰূপৰ পদক—দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

Post a Comment

0Comments

Post a Comment (0)