পাৱৈত লাইখুটা স্থাপন, ২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচী

Public Talks
0


পাৱৈত লাইখুটা স্থাপন, ২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচী

মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথমঞ্চৰ উদ্যোগত পাৱৈস্থিত নৱজ্যোতি সাৰ্বজনীন নামঘৰত অহা ২১ৰ পৰা ২৪ ছেপ্টেম্বৰ ২০২৬লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮সংখ্যক জন্মোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। সমজিলাখনৰ ১৩৪টা নামঘৰৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই জন্মোৎসৱ উপলক্ষে আজি লাইখুটা স্থাপন কৰা হয়।

অনুষ্ঠানত আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই। উদযাপন সমিতিৰ প্ৰধান সম্পাদক ৰাণা জ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানত বহু সংখ্যক ভকত-বৈষ্ণৱ আৰু আই-মাতৃ উপস্থিত থাকে।

চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া জন্মোৎসৱত বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি পূৰ্ণানন্দ দিহিঙীয়া, উপদেষ্টা নৰেশ্বৰ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদযাপন সমিতিয়ে জন্মোৎসৱৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)