USTMত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন, ভাৰতৰ মহাকাশ যাত্ৰাৰ প্ৰদৰ্শন...

Public Talks
0

 


মহাকাশ বিজ্ঞানৰ নতুন দিগন্তৰ সন্ধান, USTMত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

ৰী-ভই, মেঘালয়, ২২ আগষ্ট: ভাৰতৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰযাত্ৰাক উদযাপন কৰাৰ লক্ষ্যৰে University of Science and Technology Meghalaya (USTM)-ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৬ উপলক্ষে সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। USTMৰ পদাৰ্থ বিজ্ঞান বিভাগে North Eastern Space Applications Centre (NESAC)-ৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰে।

Towards Viksit Bharat: Innovating, Collaborating and Aspiring to Global Space Leadership” শীৰ্ষক বিষয়বস্তুৰে আয়োজিত অনুষ্ঠানত ভাৰতৰ ৰকেট, উৎক্ষেপণ যান আৰু গুৰুত্বপূৰ্ণ মহাকাশ অভিযানৰ আৰ্হি প্ৰদৰ্শন কৰা হয়। Polaris Astronomy Club-এ টেলিস্কোপ প্ৰদৰ্শন, সৌৰ পৰ্যবেক্ষণ, জ্যোতিৰ্বিজ্ঞানভিত্তিক কাৰ্যসূচীৰ লগতে Poster, Model আৰু Astrophotography Competition আয়োজন কৰে।


উদ্বোধনী অনুষ্ঠানত NESACৰ সঞ্চালক ড° এছ. পি. আগৰৱালে মূল ভাষণ প্ৰদান কৰি Chandrayaan-3ৰ সফল অৱতৰণৰ লগতে বিফলতাৰ পৰা শিক্ষা লৈ আগুৱাই যোৱাৰ ভাৰতৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানৰ অংশ হিচাপে সৌৰচিত্ৰ বিশ্লেষণ, মহাকাশ গৱেষণা পদ্ধতি আৰু পৰৱৰ্তী প্ৰজন্মৰ মহাকাশ অন্বেষণ বিষয়ক বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাও অনুষ্ঠিত হয়। জ্যোতিৰ্বিজ্ঞানী ড° কিশোৰ কুমাৰ বৰুৱাই মহাকাশ অন্বেষণৰ ভৱিষ্যৎ সন্দৰ্ভত বিশেষ বক্তৃতা প্ৰদান কৰে।

সমাপ্তি অনুষ্ঠানত USTMৰ উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মাই বৈজ্ঞানিক শিক্ষা আৰু যুৱ সমাজৰ মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)