নগাঁও উপনিৰ্বাচনত বিজেপিৰ শক্তি প্ৰদৰ্শন! দেৱাশীষ শৰ্মাৰ মনোনয়ন দাখিল

Public Talks
0



নগাঁও, ১৬ ছেপ্টেম্বৰঃ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। মনোনয়ন দাখিলৰ পাছতে সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

দেৱাশীষ শৰ্মাই কয় যে উপনিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰতিগৰাকী প্ৰাৰ্থীকেই তেওঁ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰে। সেয়ে কোনো এগৰাকী নিৰ্দিষ্ট প্ৰাৰ্থীৰ সৈতে নহয়, সকলো প্ৰাৰ্থীৰ সৈতেই তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য কৰে শৰ্মাই।

মনোনয়ন দাখিলৰ পাছত বিজেপি প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যই নগাঁও উপনিৰ্বাচনৰ ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। উপনিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে সমষ্টিটোত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে দেৱাশীষ শৰ্মাৰ মন্তব্যই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক অধিক চৰ্চালৈ আনিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)