সেউজ শক্তিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মাইলৰ খুঁটি
৪২.১ মেগাৱাট সৌৰ শক্তি ক্ষমতা অৰ্জন, ২০২৬ত স্থাপন ২৩.৭ মেগাৱাট
মালিগাঁও, ২৪ আগষ্ট: সেউজ শক্তি আৰু বহনক্ষম ৰে’ল পৰিচালনাৰ দিশত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই। ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুলাইলৈ ২৩.৭ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপন কৰাৰ ফলত জুলাইলৈকে মুঠ সৌৰ শক্তি ক্ষমতা ৪২.১ মেগাৱাটত উপনীত হৈছে।
ইয়াৰ ভিতৰত লামডিং মণ্ডলে ১৭.৭ মেগাৱাট আৰু ৰঙিয়া মণ্ডলে ৯.৬ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপন কৰিছে। আনহাতে, আলিপুৰদুৱাৰ, কাটিহাৰ আৰু তিনিচুকীয়া মণ্ডলেও সৌৰ শক্তি সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
২০২৫–২৬ বিত্তীয় বৰ্ষত সৌৰ শক্তিৰ পৰা প্ৰায় ১১৪ লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰায় ৮.৬ কোটি টকা সঞ্চয় কৰে। আগন্তুক দিনত বিভিন্ন মণ্ডলত অতিৰিক্ত ৯ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপনৰ কাম চলি আছে।
এই পদক্ষেপে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে শক্তি ব্যয় কমাই ভাৰতীয় ৰে’লৱেক নেট-জিৰ’ কাৰ্বন নিৰ্গমনকাৰী ৰে’ল ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অৱদান অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
