পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰৰ পদক্ষেপ, গুৱাহাটীলৈ ‘পিঁয়াজ এক্সপ্ৰেছ’
গুৱাহাটী, ২৪ আগষ্ট: পিঁয়াজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত যোগান স্বাভাৱিক কৰি ৰখাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিশেষ ৰে’লৰ জৰিয়তে পিঁয়াজ সৰবৰাহৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা গুৱাহাটীলৈ ‘পিঁয়াজ এক্সপ্ৰেছ’ চলাচল আৰম্ভ হৈছে।
নাছিক দেশৰ অন্যতম প্ৰধান পিঁয়াজ উৎপাদন আৰু বাণিজ্যিক কেন্দ্ৰ। তাত উৎপাদিত পিঁয়াজ ৰে’লযোগে গুৱাহাটীলৈ বৃহৎ পৰিমাণে পৰিবহণ কৰিলে উত্তৰ-পূৰ্বাঞ্চলত পিঁয়াজৰ যোগান বৃদ্ধি পোৱাৰ লগতে পৰিবহণ ব্যয় আৰু সময় হ্ৰাস পোৱাৰ আশা কৰা হৈছে।
গুৱাহাটীৰ উপৰি দিল্লী আৰু চেন্নাইলৈও বিশেষ ৰে’লৰ জৰিয়তে পিঁয়াজ সৰবৰাহ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে বজাৰত পিঁয়াজৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা আৰু হঠাৎ মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰখা।
বজাৰত পিঁয়াজৰ যোগান বৃদ্ধি পালে খুচুৰা বজাৰত ইয়াৰ মূল্য কিছু পৰিমাণে স্থিৰ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ উৎসস্থানৰ পৰা চাহিদা থকা ৰাজ্যসমূহলৈ দ্ৰুতভাৱে পিঁয়াজ পঠিওৱাৰ ক্ষেত্ৰত এই ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
.jpg)