হাফলং, ১১ ছেপ্টেম্বৰ: পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত শিল্পী আৰু হিতাধিকাৰীসকলৰ ব্ৰেণ্ডিং, বিপণন, ডিজিটেল দক্ষতা আৰু ৰপ্তানি সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে হাফলঙৰ সাংস্কৃতিক প্ৰতিষ্ঠান হলত দিনজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
শাখা এম এছ এম ই-উন্নয়ন আৰু সুবিধা প্ৰদান কাৰ্যালয় (ডি এফ অ’), শিলচৰৰ উদ্যোগত সংশ্লিষ্ট অংশীদাৰ আৰু ৰূপায়ণকাৰী সংস্থাসমূহৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীটো ডিমা হাছাও জিলাৰ ডি আই চি চিৰ জেনেৰেল মেনেজাৰ গৌতম বড়োৱে উদ্বোধন কৰে। তেওঁ পৰম্পৰাগত শিপিনীসকলৰ কল্যাণ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লৈ হিতাধিকাৰীসকলক ব্ৰেণ্ডিং আৰু বিপণনৰ আধুনিক কৌশল গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত পি এম বিশ্বকৰ্মা আঁচনিৰ উদ্দেশ্য, সুবিধা আৰু ৰূপায়ণ প্ৰক্ৰিয়া, উদ্যোগীকৰণ, মূল্য নিৰ্ধাৰণ, বজাৰৰ ধাৰা, ডিজিটেল ব্যৱস্থাপনা, পেকেজিং, গুণগত মান আৰু ৰপ্তানিৰ সুযোগ সন্দৰ্ভত বিশেষজ্ঞসকলে বক্তব্য আগবঢ়ায়। লগতে সামগ্ৰী ডিজাইন, পেকেজিং আৰু ব্ৰেণ্ডিঙত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়।
কাৰ্যসূচীত ১২০ জনতকৈ অধিক পি এম বিশ্বকৰ্মা হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সহযোগত ১০ জনতকৈ অধিক হিতাধিকাৰীক ডিজিটেল পেমেণ্ট সেৱাৰ সৈতে সংযুক্ত কৰা হয়।
কাৰ্যসূচীটোৱে পৰম্পৰাগত শিল্পীসকলক বজাৰমুখী উদ্যোগ গঢ়ি তোলা, সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ আৰু ডিজিটেল তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ বাবে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে।
