অসম বানত কন্দিছে, প্ৰধানমন্ত্ৰী ক’ত? NSUIৰ পোষ্টাৰ প্ৰতিবাদ

Public Talks
0

বানত অসম কন্দিছে, মোদীৰ নীৰৱতাক লৈ NSUIৰ প্ৰতিবাদ

অসমৰ বিধ্বংসী বানৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি গুৱাহাটীৰ বিভিন্ন স্থানত পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে NSUI-এ।

‘অসমৰ বানপানীৰ সময়ত সন্ধানহীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’—এই শ্লোগানেৰে পোষ্টাৰত প্ৰতিবাদকাৰীয়ে ক্ষোভ প্ৰকাশ কৰে।

বানত ঘৰ-বাৰী হেৰুৱাই, আপোনজনক হেৰুৱাই অসহায় হৈ পৰা মানুহৰ মাজত এতিয়া এটাই প্ৰশ্ন—দুৰ্যোগৰ এই কঠিন সময়ত অসমবাসীৰ কাষত কোন থিয় হ’ব?

বানৰ পানী হয়তো এদিন নামিব, কিন্তু মানুহৰ বুকুত জমা হোৱা ক্ষোভ আৰু বেদনা সহজে নুশুকাব।


Tags

Post a Comment

0Comments

Post a Comment (0)