৭% অধিক সুৰা বিক্ৰীৰ লক্ষ্য! ৰাজহ বৃদ্ধিৰ নামত চৰকাৰৰ আজৱ কাণ্ড

Public Talks
0


ৰাজহৰ নামত সুৰা বিক্ৰীৰ হেঁচা!

অসম চৰকাৰৰ আবকাৰী বিভাগৰ এক নিৰ্দেশক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৩ আগষ্টত জাৰি কৰা SOP অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত সুৰা বিপণীসমূহে পূৰ্বৰ তুলনাত ৭ শতাংশ অধিক সুৰা বিক্ৰী কৰাৰ লক্ষ্য পূৰণ কৰিব লাগিব।

লক্ষ্য পূৰণ নকৰিলে বিপণীসমূহৰ ওপৰত ১০ শতাংশ জৰিমনা আৰু ১৮ শতাংশ সুত আৰোপ কৰাৰ কথাও উল্লেখ কৰা হৈছে।

ৰাজহ বৃদ্ধি কৰিবলৈ সুৰা বিক্ৰী বঢ়োৱাৰ এনে লক্ষ্যই স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। চৰকাৰৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰ সমান্তৰালভাৱে পৰিয়াল, যুৱসমাজ আৰু সমাজৰ ওপৰত ইয়াৰ পৰা পৰা সম্ভাব্য নেতিবাচক প্ৰভাৱৰ কথাও বিবেচনা কৰা উচিত নহয়নে?

ৰাজহ বাঢ়ক, কিন্তু মানুহৰ জীৱন আৰু পৰিয়ালৰ মূল্যত নহয়।

Tags

Post a Comment

0Comments

Post a Comment (0)