পানীৰ বটল কিনি খাওঁতে সাৱধান হওক! পেকেজিং পানী খাই অসুস্থ ৪ জন! সাময়িকভাৱে ছীল কাৰখানা...

Public Talks
0


পেকেজিং পানী খাই অসুস্থ ৪ জন! বজালীত ‘Apollo Plus’ কাৰখানাত অভিযান

বৰপেটাৰোডত পেকেজিং পানী সেৱন কৰাৰ পিছত এটা পৰিয়ালৰ চাৰিজন সদস্য অসুস্থ হোৱা অভিযোগক কেন্দ্ৰ কৰি বজালীৰ উজান বৰবৰীত খাদ্য সুৰক্ষা বিভাগে অভিযান চলায়।

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে শিমলাগুৰিৰ এটা পৰিয়ালে ‘Apollo Plus’ নামৰ পেকেজিং পানী সেৱন কৰাৰ পিছতে অসুস্থ হৈ পৰে। ঘটনাটোৱে স্বাভাৱিকতে অঞ্চলটোত উদ্বেগ সৃষ্টি কৰে।

ইয়াৰ পিছতে জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগে ধ্যানম উদ্যোগৰ পানী প্ৰস্তুতকাৰী কাৰখানাটোত উপস্থিত হৈ বিভিন্ন দিশ পৰীক্ষা কৰে। অভিযানৰ সময়ত কাৰখানাটো সাময়িকভাৱে ছীল কৰি উৎপাদন বন্ধ কৰি দিয়া হয়।

এতিয়া প্ৰশ্ন এটাই—জীৱন ৰক্ষাৰ বাবে সেৱন কৰা পানীয়েই যদি অসুস্থতাৰ কাৰণ হয়, তেন্তে সাধাৰণ মানুহে বিশ্বাস কৰিব কাক?

পানীৰ গুণগত মান সন্দৰ্ভত বিভাগীয় পৰীক্ষাৰ ফলাফলেই এতিয়া সকলো কথা স্পষ্ট কৰিব।

বিশুদ্ধ পানী প্ৰতিজন মানুহৰ অধিকাৰ—ইয়াত কোনো আপোচ হ’ব নালাগে।

Tags

Post a Comment

0Comments

Post a Comment (0)