ৰাজস্থান: পৰিয়ালৰ পৰা লুকুৱাই কৃষিভূমিত পুতি থোৱা প্ৰায় ৫ লাখ টকা উইপোকে নষ্ট কৰাৰ ঘটনাই ৰাজস্থানত চাঞ্চল্য সৃষ্টি কৰিছে।
বালোট্ৰা জিলাৰ পাঁচপদ্ৰা গাঁৱৰ কৃষক মাংগীলাল মেঘৱালে প্ৰায় এবছৰ পূৰ্বে এখন মাটি বিক্ৰী কৰি ৫ লাখ টকা লাভ কৰিছিল। কৃষিভূমিত এটা সৰু ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা মাংগীলালে টকাখিনি পৰিয়ালৰ পৰা গোপনে ৰাখিবলৈ পলিথিনৰ বেগত ভৰাই মাটিৰ তলত পুতি থৈছিল।
পিছত টকা বিচাৰি বহুদিন ধৰি প্ৰায় ১০ বিঘা মাটিত বিচাৰিও তেওঁ টকাখিনি বিচাৰি নাপালে। অৱশেষত শেহতীয়াকৈ বৰষুণৰ পাছত বীজ সিঁচাৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত ট্ৰেক্টৰৰ ফলত মাটিৰ তলৰ পলিথিনৰ বেগটো ওলাই আহে। মাংগীলালৰ পত্নী আৰু পুত্ৰই বেগটো খুলি দেখিলে—উইপোকে ৫০০ টকীয়া নোটসমূহ কাটি-কুটি প্ৰায় সম্পূৰ্ণৰূপে নষ্ট কৰিছে।
ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যদিও ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।
