মুম্বাই: জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগমে কিছুদিন ধৰি তীব্ৰ ডিঙিৰ বিষ আৰু জ্বলা-পোৰাৰ সমস্যাত ভুগি আছিল। চিকিৎসকৰ পৰীক্ষাত তেওঁৰ ‘পিঞ্চড নাৰ্ভ’ বা স্নায়ুত চাপ পৰাৰ সমস্যা ধৰা পৰে। চিকিৎসাধীন অৱস্থাত অস্ত্ৰোপচাৰৰ কক্ষৰ পৰাও তেওঁক মহম্মদ ৰফিৰ গীত গোৱা দেখা যায়, যাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
সোনুৰ মতে, ডিঙিৰ চাৰিওফালে এনে তীব্ৰ বিষ অনুভৱ হৈছিল যেন স্নায়ুত কোনোবাই ধাৰালো চিমটি কাটিছে। এম আৰ আই আৰু চিটি স্কেনৰ জৰিয়তে সমস্যাটো চিনাক্ত কৰা হয়।
‘পিঞ্চড নাৰ্ভ’ কোনো নিৰ্দিষ্ট ৰোগৰ নাম নহয়। স্নায়ুৰ ওপৰত অধিক চাপ বা প্ৰদাহ সৃষ্টি হ’লে এনে অৱস্থা হয়। সাধাৰণতে ডিঙি, পিঠি আৰু কব্জিত এই সমস্যা অধিক দেখা যায়। দীঘলীয়া সময় একে ভংগীত বহি থকা, ভুল ভংগীত মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ, মেৰুদণ্ডৰ ডিস্কৰ সমস্যাকে ধৰি বিভিন্ন কাৰণত স্নায়ুত চাপ পৰিব পাৰে।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু ফিজিঅ’থেৰাপিৰে অধিকাংশ ক্ষেত্ৰতে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। অৱশ্যে গুৰুতৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।
