নতুন দিল্লী: এজাক বৰষুণৰ মাজতে সংসদত উপস্থিত হোৱা বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটৰ সাজ-পোছাক আৰু বিলাসী সামগ্ৰীয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
কংগনাৰ হাতত প্ৰায় ৭ হাজাৰ টকীয়া ছাতি, প্ৰায় ৩৫ লাখ টকাৰ বেগ আৰু ২১ লাখ টকাৰ ঘড়ী থকা বুলি বিভিন্ন সামাজিক মাধ্যমৰ পোষ্টত দাবী কৰা হৈছে। এই বিলাসী ফেশ্বনক লৈ ইতিমধ্যে সামাজিক মাধ্যমত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
একাংশই প্ৰশ্ন তুলিছে—জনসাধাৰণৰ সমস্যা আৰু দুখ-দুৰ্দশাৰ কথা ক’বলৈ সংসদলৈ অহা এগৰাকী সাংসদে ইমান ব্যয়বহুল সামগ্ৰীৰে উপস্থিত হোৱাটো কিমান যুক্তিসংগত? অৱশ্যে সামগ্ৰীসমূহৰ মূল্য সম্পৰ্কীয় দাবীসমূহৰ স্বতন্ত্ৰ নিশ্চিতকৰণ হোৱা নাই।
